
তোমাৰ পৰশ পালেই
সপোনবোৰে পাখি মেলে
এতিয়াই যেন উৰা মাৰিম
সৌ আকাশলৈ
সৌটুকুৰা মেঘৰ বুকুলৈ !!!
তোমাৰ পৰশ পালেই
হেপাঁহবোৰ সেউজীয়া হয়
জীয়াই থকাৰ ইচ্ছা
আৰু তীব্ৰ হয়
দুহাঁতেৰে যেন সাৱটি লম
পৃথিৱীৰ
এতিয়াই গোটেইখিনি ৰং !!!
তোমাৰ পৰশ পালেই
মোৰ এধানি হৃদয়খন পোহৰ হৈ পৰে
ডিচেম্বৰৰ এটি শীতল পুৱাৰ কোমল ৰ’দে
যেন সতেজ কৰি তোলে মোৰ বুকুৰ চোতাল !!!
তোমাৰ পৰশ পালেই
পলকতে
যেন হেৰাই যাওঁ নিজৰ মাজত!!!
@Arundhatee Copyright protected
Bor dhuniya lagil...2mi likhisa neki?
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteকবিতা বা আন লেখাসমূহ অসমীয়া বৰ্ণমালাত লিখাহেতেন ভাল লাগিলেহেতেন৷
ReplyDelete@ Emperor:
ReplyDeleteYep, moiyei likha.... :)