Sunday, August 31, 2008

আকৌ তুমি

সীমনাৰ সিপাৰে তুমি মোৰ দুখৰ নিজৰা
হৃদয় নভৰা এমুঠি শোকৰ জোনাক
প্ৰাণচণ্ঞল হাঁহিৰ আঁৰত হেৰাই যোৱা
অব্যক্ত কিছু মিঠা বেদনাৰ নিৰৱধি নৈ....

@Arundhatee copyright protected

সেউজীয়া সপোনৰ ভয়


বিশ্ৱাসেই নহয়
মোৰ বুকুৰ ঘাবোৰৰ
ওপৰত গজি উঠিছে
অকনমান সেউজীয়া
যেন লহ্পহকৈ বাঢ়িব ধৰিছে
অলপমান আশা
তথাপিও সপোন দেখিবলৈ বৰ ভয় লাগে...

@Arundhatee copyright protected

Friday, August 29, 2008

এজাক বৰষুণ


এতিয়া হায়দৰাবাদত দোভাগ ৰাতি
শুবলৈ এতিয়াও বহুত সময়

এজাক ধুনীয়া বৰষুণৰ শব্দ শুনি
বাৰাণ্ডালৈ ওলাই আহিলোঁ.....
এয়াচোন একেবাৰ
অসমৰ বৰষুণজাকেই.....

একেই আকুলতা,
একেই মধুৰতা,
একেই ঝিৰঝিৰ শব্দ.....

কেৱল
এইজাক বৰষুণৰ অনুভৱ
মোৰ লগত কঢ়িয়াই লবলৈ
এতিয়া কাষত তুমি নাই...

@Arundhatee copyright protected

Sunday, August 10, 2008

ষ্পষ্ঠতা

মই আন্ধাৰ ভাল পাওঁ

কাৰণ
আন্ধাৰতহে
মই মোক ষ্পষ্ঠকৈ দেখোঁ
বুজোঁ!

@Arundhatee copyright protected