দুবছৰ আগত হোৱা হলে মায়ে চাগে এইখিনি সময়ত উশাহ নোপোৱাকৈ কাম কৰিলেহেঁতেন ! মাৰ চিন্তাৰ মূল কাৰণ হলহেঁতেন এতিয়াও তাঁত-শালত আধুৰুৱা হৈ থকা ৫ খন গামোচা |সেইকেইখন যদি বিহুৰ আগতে বৈ উলিয়াব নোৱাৰে পৰিয়ালৰ সকলোটিলৈ বিহুৱান নাটিবই | মাদ্ৰাজৰপৰা অহা গামোচাকেইখনৰ প্ৰতি মাৰ অলপো মৰম নাই | তাৰোপৰি চুবুৰীৰ অকনমাণিকিজনীলৈ চুলিত মৰা কিলিপ, খাৰু, কাণফুলি আদি কিনিবই আছে | সিহঁতকিজনীয়ে বিহুৰ দুমাহমান আগৰেপৰা খুব হেঁপাহেৰে ৰখি থাকে যে পমিহঁতৰ বৰমাই তাহাঁতক বিহু বুলি কিবা এটাটো দিবই!পমি আমাৰ মৰমৰ কুকুৰজনী | ২০০১ চনৰপৰা প্ৰায় এটা দশক তাই আমাৰ লগত আছিল | ২০১০ চনত তাই অলপ বেমাৰত পৰিয়ে আমাক এৰি গুচি গল বহুত দুৰলৈ.. কিন্তু জীৱনৰ শেষ দিনলৈ তাই আমাৰ ঘৰখনৰ লগতে চুবুৰীটোৰ পহৰাদাৰী কৰিছিল | আমাৰ লগতে গোটেই চুবুৰীটোৱে তাইক বৰ মৰম কৰিছিল | চাকৰি আৰু পঢ়া-শুনাৰ খাতিৰত আমি দুয়ো বাই-ভনী অসমৰপৰা বহুতদিন আঁতৰত আছিলো | লাহে লাহে কাষৰ জেঠি, খুৰীহঁতে আমাৰ মাক মাইনাহঁতৰ মাক বুলিব এৰি পমিৰ মাক বুলি মাতিবলৈ ধৰিলে...প্ৰথমতে আমি মাৰ আগত আপত্তি কৰিছিলো যে পমিহে এতিয়া বেছি আপোন হল | কিন্তু সচাঁ কবলৈ হলে তাইৰ সম্পুৰ্ণ অধিকাৰ আছিল | ১০ বছৰ তাইয়েই আছিল মাৰ লগৰী..মই, ভণ্টি আৰু দেউতা গুৱাহাটীৰপৰা আঁতৰত থকাই বহুকেইবাৰ মাহৰ পিছত মাহ মা ঘৰত অকলে থাকিবলগীয়া হৈছিল | সেই সময়ৰ পমি মাৰ ওচৰত থকাটোৱে আমাক গোটেইকেইজনকে মানসিক সকাহ দিছিল |
যাহওক, দুবছৰ আগত হোৱা হলে চাগে মইও এইখিনি সময়ত বিহুৰ বজাৰ কৰি থাকিলোহেঁতেন | আমেৰিকালৈ অহাৰ আগতে অসম ৰাজ্যিক বিদ্যু পৰিষদ (ASEB) ত চাকৰি কৰি আছিলো | এপ্ৰিল মাহৰ আৰম্ভণিৰপৰা অফিচত সোধ-পোঁছ আৰম্ভ হৈ যায় – “বাইদেউ বিহুৰ কাপোৰ ললে নে নাই! মাৰ কাৰণে কি ললে, ভণ্টিক কি দিব !” এইফালে দুদিনৰ মূৰে মূৰে বছৰ তদাৰকি আৰম্ভ হব যে বিহুৰ নামত পাচদিনকৈ বন্ধ...কেনেকৈ চম্ভালিবা অৰুন্ধতী...এইবাৰ কিন্তু revenue target ২ crore আছে | যেনেকৈ নহওঁক উঠাব লাগিব |” এইখিনিৰ মাজতে হয়তো উজান বজাৰৰপৰা DGM ছাৰৰ (মানে মোৰ বছৰ বছ) ফোন আহিব ... “অৰুন্ধতী আজি কিমান উঠিলে টকা? জোৰ দিয়া...জোৰ দিয়া...” | কথা সামৰি মোৰ নিজৰ মেজলৈ আহি দেখিম যে অভিযোগ লৈ প্ৰায় ৫-৬ জন উপভোক্তা | সকলোৰে এটাই কথা...”বাইদেউ (বেছিভাগে মেডাম বুলিহে মাতিছিল পিছে)..বিহুৰ বতৰ..গোটেই বিলটো দিব নোৱাৰিলে যেন লগে লগে লাইন কাটি নিদিয়ে” | মোক সৰু ছোৱালী যেন দেখি যদি ৪ জনে মৰম আৰু ধৈৰ্য্য সহকাৰে কথা পাতে, ৫ নম্বৰজনে আকৌ শুনাই দিব ..”তুমি জন্ম নোহোৱাৰপৰাই মই ASEB ৰ উপভোক্তা...এতিয়া তুমি কলেই ইমান পুৰণা মিটাৰটো বদলাম নে??” মই “গ্ৰাহকেই ভগৱান” বুলি মনতেই ভাৱি হাঁহি এটা মাৰি বুজাম যে ইমান পুৰণা কাৰণেইতো সলনি কৰা ভাল! পুৰণা electromechanical meter, কম efficiency| অনাহকত বিদ্যুতৰ অপচয় | দিনটো এনেদৰে নানান ধৰণৰ গ্ৰাহকৰ লগত মুখখন চলাই চলাই শেষত ৫ টামান বজাৰপৰা মোৰ নিজৰ ভাগৰ দিনতীয়া কামবোৰ আৰম্ভ কৰিলোহেঁতেন | Accounts Officer জনক মাতি দিনটোত কিমান মানুহে পইচা দিলে খবৰ লোৱা, computer ৰ data back-up লোৱা, ছপাশালক ফোন কৰি নিচিত্ত কৰা যাতে গ্ৰাহকৰ বিলবোৰ সময়মতে কাৰ্য্যালয়ত আহি পায়, মোৰ কৰ্মচাৰীবোৰে দিনটো বিলবোৰ এখন এখনকৈ বিচাৰি বিচাৰি তৈয়াৰ কৰা disconnection তালিকাখন উলিয়াই অফিচৰ lineman কেইজনক ফোন কৰি সুনিচিত্ত কৰা যে পইচা নিদিয়া গোটেইকেইজন উপভোক্তাৰ লাইন কটা যাওক | তাতকৈ বেচি গুৰুত্তপুৰ্ণ হল disconnection তালিকাত থকাৰ ভিতৰত যিসকলে পইচা দিছে তেওঁলোকৰ ঘৰলৈ যাতে বিদ্যুত সৰবৰাহ আকৌ আৰম্ভ হয়...অনতিপলমে তাৰ বন্দবস্ত কৰা | এইবোৰ কৰোঁতে কৰোঁতে হয়তো ৭ বাজিবৰে হব আৰু গোটেই কাৰ্য্যালয়টোত মোৰ কোঠাত মই, cash counter ত এসোপামান bounced cheque ৰ মাজত Accounts Officer চহৰীয়া আৰু বাহিৰত চকীদাৰজন বাকী ৰৈ যাম | মনে মনে ভাৱি ভয় খাম যে বিহুৰ পিছত যিদিনাখন প্ৰথম কাৰ্য্যালয় খুলিব, বিল দিয়া, অভিযোগ কৰা মানুহ কিমান হব | মিছা নকওঁ, কিন্তু এইটো ভয়ৰ কাৰণে মাজে মাজে এনেয়ো লাগিছিল যে বিহুৰ বন্ধকেইটা নথকাও ভাল! কিবা এটা বিচাৰি বেগত হাতখন ভৰাওঁতেহে টিফিনটো দেখি মনত পৰিব যে মায়ে পুৱাই পুৱাই অত কষ্টেৰে বনাই দিয়া ৰুটি-ভাজিখিনি খোৱাই নহল | আবেলি মিটিংখনত খোৱা চাহ-চিংৰাই ভোকটো ডবাই ৰাখিলে |AEC ৰ পৰীক্ষাৰ আগদিনা যি ক্ষীপ্ৰতাৰে পঢ়িছিলো, সেই একেই ক্ষীপ্ৰতাৰে কামবোৰ সামৰি কোনোৰকম অফিচটো এৰি গাড়ীত বহিলোহেঁতেন | মাক ভালৰি লগাবলৈ গাড়ী চলাব আৰম্ভ কৰাৰ আগেয়ে মাক এটা ফোন লগাই কলোহয়…”মা, ওলালো ৰবা ইয়াৰপৰা” | তেতিয়ালৈ ঘড়ীত কিজানি ৭.৩০ বাজিলহেঁতেন | ঘৰত গৈ মায়ে বনোৱা চাহৰ সৈতে টিফিনৰ ৰুটি-ভাজি খালোহেঁতেন, মাৰ পৰা গালি খোৱাৰ ভয়তে | মোৰ ভয়াৰ্ত মূখখন দেখি মায়ে একো আৰু নকলেহেঁতেন | কিন্তু চাহটোপা খাই উঠি যদি হাতত বাতৰি-কাকতখন লৈ ভিতৰৰ কোঠালৈ ৰাওনা হওঁ, তেতিয়া কিন্তু মাৰ বিহুবলীয়া ৰূপটো প্ৰকট হোৱাৰ সম্ভাৱনা খুবেই বেছি | হয়তো দুখ কৰিব যে ঘৰটোত এজনীয়ে ছোৱালী.. তায়ো কথা নাপাতে, হয়তো আপত্তি কৰিব যে পিঠা বনাবলৈ অনা গুৰখিনি ভাল নহয় | বেলেগ আনিব লাগিব, কিন্তু মই অফিচৰ বাহিৰে একো নাজানো, আৰু দেউতাটো বিহুৰ আগদিনাহে ঘৰ আহি পাব | হয়তো ভণ্টিলৈ মনত পেলাই আক্ষেপ কৰিব যে সৰু হলেও তাইৰ জ্ঞান বেছি, ঘৰত থাকিলে হয়তো তাই বিহুৰ কামত লাগি গলহয় ! কথাটো মিছা নহয় পিছে | ভণ্টিয়ে মোতকৈ আগতে পিঠা বনাব শিকিছে, এতিয়াও মই পিঠা বনাব লাগিলে মায়ে তাইক পঠিয়াই মোৰ পিঠাৰ তদাৰক কৰিবলৈ | পঢ়িম বুলি উলিয়াই ৰখা সাদিনৰ গল্পৰ পৃষ্ঠাটো সামৰি হয়তো মই ওলাই আহিলোহেঁতেন নিজৰ কোঠাৰপৰা আৰু মাক সুধিলোহেঁতেন – “কোৱা কত আৰম্ভ কৰোঁ?” আৰু সন্ধিয়াৰ মাৰ প্ৰিয় সাঁস-বহু ধাৰাবাহিক কেইখন চলাই দি লাৰু, ঘিলা-পিঠা, আৰু তিল-পিঠা আদিৰ প্ৰস্তুতি আৰম্ভ কৰিলোহয় | যদি গুৰা ব তিলৰ লাৰু বনোৱাৰ অভিযান থাকে ঘৰৰ কাষৰে মাহীক মাতি অনা হলহেতেঁন, ইংৰাজীত কবলে হলে expert comment দিবলৈ | মাহী মানেই লগতে মাহীৰ দুয়োজনী ছোৱালী, এজনী কলেজত আৰু এজনী স্কুলত | দুয়োৰে দিনৰ কাহিনীবোৰে মুহুৰ্ততে আমাৰ নিৰৱ ঘৰখন ৰজনজনাই তুলিলেহেঁতেন | পিঠা বনোৱা হলে কিজানি আমাৰ টেপ-ৰেকৰ্ডাৰটোত জোৰে জোৰে বিহুৰ গান লগাই তিনিওজনী বাই-ভনীয়ে হেপাঁহ পলুৱাই নাচিলোহেঁতেন, মাজতে মা আৰু মাহীয়েও এপাক মাৰিলেহেঁতেন ! নাচি নাচি ভাগৰ লাগিলে দূৰণিত থকা মোৰ ভণ্টিজনীলৈ ফোন লগাই অলপমান জোঁকালোহয় যে আমি বিহু নাচিছোঁ, তই কি কৰিছ !! ৰাতিলৈ মাৰ মনটো অলপ মুকলি হলহেঁতেন, এইটো ভাৱি যে তাঁত-শালৰ গামোচা বোৱা শেষ হওক বা নহওক, পিঠা-পনাৰ কামখিনি অন্তত শেষ হল | বিচনাত বাগৰি বাগৰি হয়তো তেজপুৰত থকা মোৰ মৰমৰ দেউতালৈ ফোন লগাই আব্দাৰ কৰি কৰি সুধিব.. “আপুনি কালিয়েই নাহে কিয়নো??”
আৰু আজি দুবছৰ পিছত মই ইয়াত আমেৰিকাৰ এখন অখ্যাত ৰাজ্যৰ অখ্যাত চহৰত, গণি গণি ইয়াত আমি মাথোঁ তিনিজন অসমীয়া, তাৰে এজন হেনো দেওবাৰেও অফিচত যাবলগা হব | মই computerটোৰ আগত বহি বহি অকবৰ লিখা পঢ়িছোঁ, লগতে বেলেগ এখন অখ্যাত চহৰৰ বিষয়ে Wikipediaত পঢ়ি আছো | যদি মাজত একো বিধি-পঠালি নাহে, সেইখন অখ্যাত চহৰত অহা সোমবাৰপৰা মই চাকৰি আৰম্ভ কৰিম | যোৱা এসপ্তাহ ধৰি খুব চেষ্টা কৰিছো ওচৰত কৰবাত বিহু উদযাপিত হয় নেকি বিচাৰি উলিয়াবলৈ | যিখন সকলোতকৈ ওচৰত, মোৰ ঠাইৰপৰা ৪ ঘণ্টামান দূৰত | ইয়াত গাড়ী চলোৱা অনুজ্ঞাপত্ৰখন এমাহমান আগতেহে পাইছো | ৪ ঘণ্টা highwayত ৭০-৮০ মাইল/ঘণ্টাত গাড়ী চলোৱাৰ সাহস এতিয়াও কৰিব পৰা নাই | কিন্তু অসমৰপৰা আহোঁতে বুকুত বান্ধি অনা পাটৰ কাপোৰজোৰলৈ চাই চাই মনটো মৰহি গৈছে | কিমান দিন যে হল মেখেলা-চাদৰ পিন্ধা নাই, কিমান দিন যে হল বিহু-পূজা বুলি নতুন কাপোৰ চিলোৱা নাই, বিহুৰ দিনা বুলি বৰমাহঁতৰ ঘৰত যোৱা নাই, মা-দেউতাক বিহুৰ সেৱা জনোৱা নাই, চুবুৰীৰ লগৰীয়াকেইজনীৰ লগত হৃদয় খুলি হাঁহিব পৰা নাই... !!!
কিন্তু হাতত উপায়োতো নাই | ASEBৰ স্ঠায়ী চাকৰি এৰি ১০ লাখ টকাৰ বিদ্যাৰ্থী ঋণ লৈ পঢ়িব আহিছিলো, যিমানখিনি টকা আমেৰিকাৰ বিশ্ৱবিদ্যালয়ক দিছো, সেইখিনি টকা আমেৰিকাৰপৰাইতো উলিয়াব লাগিব | ফেচবুকত বিহুৰ আৰু পূজাৰ সময়ত ৰাইজৰ ফটোবোৰ দেখি মন বেয়া কৰিতো লাভ নাই | পূজাবোৰ শেষ হয় মানে মাঘ বিহু আহে, তাৰ মাজত সৰস্ৱতী পুজা, ফাকুৱা চলে মানে এইফালে বহাগে ভুমুকিয়ালেই নহয় | এইবাৰ অন্তত বিহুতো শনিবাৰ-দেওবাৰে পৰিছে | বহুত হল আৰু, আজি সন্ধিয়াই ওলাই যাম | ইয়াত ভাৰতীয় বজাৰ (indian store)ত দক্ষিণ-ভাৰতৰ পৰা অহা চাউলৰ গুড়ি আৰু নাৰিকলৰ চুৰুকা পায়, সেয়াই লৈ আনি ঘিলা-পিঠা বনোৱাৰ এটা প্ৰচেষ্টা চলাম | দেওবাৰে চিৰা-গুড়-দৈৰে এসাজ মন পুৰাই খাম, computerতে বিহুগীত বজাই অকলে হলেও এপাক নাচিম আৰু ৰাতিলৈ skypeত ঘৰৰ সৈতে কথা হম| লগতে বুকুত ক্ষীণ ক্ষীণকৈ হলেও আশা বান্ধি ৰাখিম যে অতি সোনকালেই অসমীৰ বুকুত অসমীয়া বিহু পালন কৰাৰ সৌভাগ্য হব |
- অৰুন্ধতী (১২ এপ্ৰিল, ২০১৩)
বি.দ্ৰ.: যোৱাবছৰৰ বহাগ বিহুৰ সময়ৰ অনুভৱ facebook page "অসমীয়াত কথা বতৰা" এনেদৰে প্ৰকাশ কৰিছিলোঁ....
No comments:
Post a Comment