যোৱা ২৯ জুলাইত মোৰ আমেৰিকা অহা সম্পূৰ্ণ দুবছৰ হল | প্ৰথম
বছৰটো কেনেকৈ পাৰ হৈ গল এতিয়া মনত নপৰে | হয়তো
আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল অৱস্থা এটাৰপৰা অচিনাকি দেশ এখনত শৈক্ষিক ৠণ লৈ ছাত্ৰী
হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ সংঘৰ্ষত ইমান ব্যস্ত হৈ আছিলো যে ঘৰলৈ মনত পেলাই
হুমুনিয়াহ কঢ়াৰ সময়েই নাছিল | কিন্তু আজি
দুবছৰৰ মূৰত প্ৰায়ে ঘৰলৈ মনত পৰি মনলৈ বিষণ্ণতা আহি আছে | মোৰ
আপোন ঠাইডোখৰৰ কিছু সৰু সৰু অথচ দৈনন্দিন ঘটনাবোৰলৈ মনত পৰি আছে | মনত পৰি
আছে ঘৰলৈ বুলি বাছৰপৰা নামি ৰিক্সা নাপালে কৰা ১০ মিনিটযোৰা পদভ্ৰমণ, মাৰ
হাঁতৰ ভজা মাংসৰ অনুপম সোঁৱাদ, মনত পৰি আছে
আমাৰ নামঘৰটোত হোৱা বিভিন্ন নাম-প্ৰসংগ আৰু সেইবোৰত আমাৰ চাৰিজনী বান্ধৱী আৰু
ভনীয়েকসৱৰ আড্ডাবাজি...
ইয়ালৈ অহাৰ দৃঢ় সিদ্ধান্ত লোৱাৰ আগতে মোৰ মনত এটা কথাই
ক্ৰিয়া কৰি আছিল যে – জীৱনটো অভিজ্ঞতা বুটলাৰ বাবে | পৃথিৱীখন
নিজৰ কৃতিত্বৰে চোৱাৰ আৰু বুজাৰ এক অদম্য হাৱিয়াস আছিল | মোৰ
অভিজ্ঞতাবোৰ ভাল নে বেয়া তাৰ খতিয়ান মই পিছত লম | কিন্তু
এটা কথা স্বীকাৰ নকৰি নোৱাৰো যে অভিজ্ঞতা অৰ্জাৰ ক্ষেত্ৰত ভগৱানে মোক যথেষ্ট সুযোগ
দিছে |এতিয়া যদি অতীতলৈ চকু ফুৰাই চাওঁ আভিযান্ত্ৰিক শিক্ষাৰ
চাৰিবছৰযোৰা অভিযানবোৰলৈ মনত পৰে, আই. টি
ইণ্ডাষ্ট্ৰীত খোপনি বিচাৰি হায়দৰাবাদত কৰা সংঘৰ্ষলৈ আৰু অসম ৰাজ্যিক বিদ্যুত
পৰিষদৰ অতিশয় ব্যস্ত দিনবোৰলৈ মনত পৰে | প্ৰায়বোৰ
মানুহৰ দৰে মোৰ জীৱনলৈও কেতিয়াবা বিষণ্নতা আৰু হতাশা আহে | কিন্তু
সেই সময়ত যেতিয়া অতীত ৰোমণ্ঠন কৰোঁ, কিছুমান
সৰু-সুৰা ঘটনাই এতিয়াও মোক আপ্লুত কৰি তোলে, মনটো
অলপ হলেও সজীৱ কৰি তোলে | দৈনন্দিন জীৱনৰ হাজাৰ ব্যস্ততাৰ মাজতো কেতিয়াবা হঠাতে
কোনোবা অচিনাকি মানুহ এজনে এনেকুৱা এটা মন্তব্য দি যায় যিয়ে বহুদিনলৈ মোৰ মন সুখী
কৰি ৰাখিব পাৰে, অলপ সময়ৰ বাবে হলেও | আজি মোৰ
পঢ়ুৱৈসকলৰ মাজত তেনেকুৱা কেইটামান ভাল সময়ৰ কথা ভগাই লব বিচাৰিছোঁ |
ডিজনীলেণ্ডৰ ৰাজ্যত:
যোৱা বছৰৰ জুন মাহত কামসম্পৰ্কীয় প্ৰশিক্ষণ এটাৰ বাবে
ফ্লৰিডা ৰাজ্যৰ অৰ্লেণ্ডো চহৰত এসপ্তাহ আছিলোঁ | ডিজনীলেণ্ড, ছিৱৰ্ল্ড, উনীভাৰ্ছেল
স্টুডীও ইত্যাদিৰে অৰ্লেণ্ডো আমেৰিকাৰ এখন অন্যতম পৰ্য্যটক চহৰ | আমাৰ
প্ৰশিক্ষণ এখন হোটেলত হৈছিল | ৰাতিপুৱাৰ
জলপান হোটেলতে দিয়া হৈছিল যদিও দুপৰীয়াৰ আহাৰ নিজে ওচৰত বিচাৰি লবলগীয়া হৈছিল | জুন
মাহৰ অৰ্লেণ্ডো মানেই প্ৰচণ্ড গৰম আৰু অদ্ভূতধৰণৰ আৰ্দ্ৰতা | খুবেই
অশান্তিকৰ | দুপৰীয়াৰ আহাৰ কৰিম বুলি গাড়ীখন পাৰ্কিঙত ৰখাই লৈ দোকানত
সোমালোঁ | দুপৰীয়াৰ ১২টা বাজিছে | এইখন
দেশত আগবেলাৰ ১১-১২টাৰ সময়খিনি মধ্যাহ্নভোজনৰ বাবে একেবাৰে ভৰপক সময় | স্বাভাৱিকতে
দোকানখনত যথেষ্ট দীঘল শাৰী আছিল | মই সময় বচাবলৈ
এটা অতি সাধাৰণ চেন্দউইচ ললোঁ | মোৰ সহকৰ্মীজনে
এবাৰ হোটেললৈ যাব বিচাৰি আছিল | সেয়ে মইও যিমান
পাৰোঁ সোনকালে মোৰ চেন্দউইচটো লৈ ওলাই আহিব বিচাৰিছিলোঁ | যেতিয়া
শাৰীটোত মোৰ নম্বৰটো আহিল, কেছিয়াৰজনীয়ে মোৰ ঋণপত্ৰ (ক্ৰেডিত কাৰ্ড) খন কামত লগাব
নোৱাৰিলে | যেতিয়া দুবাৰ-তিনিবাৰ অসফল হল, মই নগদ
টকা উলিয়াই দিবলৈ মোৰ বেগলৈ হাত মেলিলোঁ | হঠাতে
মোৰ ঠিক পিছতেই থিয় হৈ থকা ভদ্ৰলোকজনে কৈ উঠিলে – “It’s alright ma’am,
let me pay for you. Today’s lunch on me.” অচিনাকি
চহৰ এজনৰ একেবাৰে অচিনাকি মানুহ এজন | মোৰ
বৰ্তমানৰ অভিজ্ঞতাই কয় যে আমেৰিকাৰ মানুহবোৰ স্বভাৱসুলভ সহায়কাৰী | কিন্তু
তথাপিও তেওঁৰ এই প্ৰস্তাৱটো মোৰ বাবে অতিশয় আকস্মিক আৰু আশ্চৰ্য্যকৰ আছিল | মই অতি
নম্ৰভাৱে তেওঁৰ সহায়ৰ বাবে ধন্যবাদ আগবঢ়াই কলোঁ যে মোৰ লগত নগদ টকা আছে, গতিকে
তেওঁ কষ্ট কৰিব নালাগে | তথাপিও তেওঁ খুব জোৰ কৰিলে | দীঘলীয়া
শাৰী এটাত এইটো কথা লৈ বেছি আলোচনা কৰি বাকী মানুহবোৰৰ সময় নষ্ট কৰিবলৈও বেয়া লাগে
| ইয়াত সময়ৰ মূল্য বহুত বেছি | হয়তো
সেই ভদ্ৰলোকজনৰ হাতত সেইদিনা সময় তাকৰ আছিল, সেয়ে
তেওঁ নিজেই আগবাঢ়ি আহিল আৰু মোক সহায় কৰিলে | যাহওঁক, বেলেগ
এখন দেশৰ এখন সম্পূৰ্ণ অচিনাকি মানুহৰ লগত ঘটা এইটো ঘটনাৰ স্মৃতিয়ে এতিয়াও মোৰ
মনলৈ ফুৰ্তি আৰু উদ্যম ঘূৰাই আনে |
এগৰাকী বৃদ্ধা আৰু তেওঁৰ একচনীয়া মাটিডোখৰ:
আজিৰপৰা প্ৰায় চাৰে তিনিবছৰৰ আগৰ ঘটনা | অসম
ৰাজ্যিক বিদ্যুত পৰিষদৰ চাকৰিত যোগ কৰাৰ বহুত বেছিদিন হোৱা নাই | মই
গুৱাহাটীৰ এক বিভাগীয় সংমণ্ডলত কাম কৰিছিলোঁ | আমাৰ
শাখাই তিনিটা উপ-সংমণ্ডল নিয়ণ্ত্ৰণ কৰিছিল আৰু সেই সময়ত নতুন গ্ৰাহক সংযোজন কৰা
ব্যৱস্থাটো অলপ সৰলীকৰণ কৰা হৈ আছিল | প্ৰচেষ্টাটোত
সময় কম লৈছিল যদিও আমাৰ কাৰ্য্যালয় আৰু উপ-সংমণ্ডলৰ মাজত যথেষ্ট সমন্বয়ৰ প্ৰয়োজন
হৈছিল, লগত বহুত নথী-পত্ৰৰো দৰকাৰ হৈছিল | বিভাগীয়
কাৰ্য্যালয়টোত এই প্ৰকল্পটো মই তদাৰক কৰিছিলোঁ | দিনটো
বেলেগ বেলেগ পৰিৱেশৰ, বেলেগ বেলেগ আৰ্থিক পৰিস্থিতিৰ আৰু বেলেগ বেলেগ মানসিকতাৰ
বিভিন্ন মানুহক লগ পাওঁ | তেওঁলোকৰ জীৱনৰ এটা অতিকৈ মহত্তপূৰ্ণ সপোনৰ সৰু অংশ হব
পাৰোঁ | নিজাকৈ এটা ঘৰ বনোৱাটো সকলো মানুহৰ জীৱনৰে এটা বৰ মৰমৰ সপোন
|সেই সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ অন্তিম পৰ্য্যায়বোৰৰ ভিতৰত
বিদ্যুত সংযোগ হোৱাটোও এটা |
মোৰ প্ৰ্ৰায়বোৰ গ্ৰাহক আছিল ডাঙৰ ডাঙৰ অট্টালিকাৰ অথৱা নতুন ফ্লেটৰ মালিক, নহলেবা পাহাৰৰ একচনীয়া মাটিত ঘৰ সাজি জীৱনটোত থিতাপি লোৱাৰ চেষ্টা কৰা মানুহ | দৰকাৰী কাগজ-পত্ৰৰ ক্ষেত্ৰত মই অতি কাঢ়া আছিলোঁ, প্ৰয়োজনীয় কাগজ পত্ৰ হলেহে কাম আগবঢ়াইছিলোঁ | অফিচলৈ প্ৰায়ে এগৰাকী বৃদ্ধা আহিছিল | তেওঁৰ তিনিগৰাকী পুত্ৰ, কিন্তু এজনৰ বাহিৰে বাকীকেইজন অকামিলা | যিজনৰ লগত তেখেত থাকে, সিও অটো চলায়, সেয়ে অফিচলৈ বাৰে বাৰে বাটকুৰি বাই অহাৰ সময় নাই | তেওঁ প্ৰায়ে অফিচলৈ আহে যদিও সদায় কিবা নহয় কিবা এখন দৰকাৰী কাগজ পাহৰি যায় বা দেখুৱাব নোৱাৰে | মই তেখেতক খুব ভালদৰে শান্তভাৱে বুজাই কওঁ যে আপুনি বেয়া নাপাব, কিন্তু এইকেইখন নথীপত্ৰ নোহোৱালৈ আপোনাক মই অনুমতি দিব নোৱাৰিম ! তেখেতে মাজে মাজে আফচোঁচো কৰে যে কিছুমান কৰ্মচাৰীয়ে তেওঁলোকক সৰু মানুহ বুলি ভালদৰে মাত-বোল নকৰে | প্ৰায় দুই-তিনিমাহ এনেদৰে কটোৱাৰ পিছত এদিন তেওঁ সকলোখিনি কাগজ পত্ৰ যোগাৰ কৰিব পাৰিলে |
মোৰ যদি ভালদৰে মনত আছে আমাৰ কাৰ্য্যালয়ৰ পৰা অনুমতি যোৱাৰ দুদিনমান পাছতে তেওঁৰ ঘৰলৈ প্ৰাথমিক জৰীপৰকাৰণে কৰ্মকৰ্তা গল আৰু তেওঁৰ আবেদনখন মন্জুৰ কৰা হল | তাৰ প্ৰায় এসপ্তাহমানৰ পিছৰ ঘটনা | এদিন দুপৰীয়া ১২ টা মান বজাত তেওঁ মোৰ কাৰ্য্যালয়ত আহি উপস্থিত | মই আচৰিত হৈ তেওঁক কলোঁ যে আপোনাৰ ফালৰপৰা সকলোখিনি কাম হৈ গৈছে এইটো অফিচত | তেওঁ লগে লগে এটা সৰু টোপোলা উলিয়াই কলে – “নহয় বাইদেউ, আজি একো কামত অহা নাই | আপোনাৰ কাৰণে অকণমান মিঠাই আনিছোঁ | ইমান বছৰ কিমান চৰকাৰী কাৰ্য্যালয়ত কিমান কামত ঘূৰিলোঁ, কিন্তু কোনেও আপোনাৰ দৰে সন্মান দি, ধৈৰ্য্য ধৰি কথা পতা নাই | কিবা এটা সুধিলে ভেকাহি মাৰিহে উঠিব | আপোনাৰ তাত কিমানদিন আহিলোঁ, এদিনো টানকে নকলে | আপোনাৰ টিফিন বুলি লব, বৰ ভাল পাম বাইদেউ |” অলপ সময়ৰ কাৰণে লাগিল যেন তেওঁ মোৰ কোনোবা চিনাকি জেঠাইহে | উপায় নাপাই হাঁহি মাৰি কলোঁ –“ৰাখিম দিয়ক, খালী এতিয়াৰ পৰা নিজৰ দৰকাৰী-পত্ৰবোৰ সময় থাকোঁতে যোগাৰ কৰি থব |” ASEB ত যোগদান কৰাৰেপৰা মই বহুত সতৰ্ক হৈ থাকিছিলোঁ কোনোবাই কিবা মূহুৰ্তত ঘোচ বা বেলেগধৰণৰ বস্তু যাঁচে বুলি | বহুবাৰ তেনে অভিজ্ঞতাৰ সন্মুখীনো হৈছিলোঁ | সঁচা কবলৈ গলে তেওঁৰ টোপোলাটো দেখি ভয়েই খাইছিলোঁ | কিন্তু মিঠাইৰ টোপোলাটোত সোমাই থকা সহজ সৰল মানুহগৰাকীৰ মৰমখিনিক মই কি সঁতেনো ঘোঁচৰ লগত তুলনা কৰোঁ | ইমান দিনৰ মূৰতো ঘটনাটো মনত পৰিলে মনটো ভাল লাগি আহে যে কেতিয়াবা এগৰাকী অচিনাকি বৃদ্ধাৰ মুখলৈ মোৰ ব্যৱহাৰে অলপ সময়ৰ কাৰণে হলেও হাঁহি কঢ়িয়াই আনিব পাৰিছিল |

ভাৰতীয় বায়ু সেনাৰ এজন বলিষ্ঠ বিষয়া আৰু মোৰ আমেৰিকান সপোন:
২০১১, মে মাহ | গুৱাহাটীত
প্ৰচণ্ড গৰম | মই অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ জুৰোড উপ সংমণ্ডলত ৰাজহ
বিষয়া (Sub-Divisional Officer, Revenue) হিচাপে
কৰ্মৰত | মোৰ বাবে অতিশয় ব্যস্ত সময় | গৰম বঢ়া
মানেই গ্ৰাহকৰ অভিযোগ বঢ়া, গতিকে দিনটো বিভিন্ন গ্ৰাহকৰ বিভিন্ন সমস্যা সমাধানত ব্যস্ত
থাকিব লাগে | তাৰোপৰি তেতিয়া মোৰো উচ্চ শিক্ষাৰ বাবে আমেৰিকা অহা প্ৰায়
নিশ্চিত্ত হৈ পৰিছিল আৰু ভিচা আদিৰ কাৰণে আবেদন কৰিবলৈ সদায় ৰাতিৰ ভাগত কাগজ-পত্ৰ
যোগাৰ কৰাত ব্যস্ত আছিলোঁ | সেইদিনা দিনটোৰ শেষৰফালে বিভাগীয় অফিচত আমাৰ এখন ডাঙৰ
মিটিঙো আছিলে | সদায়ৰ দৰে সেইদিনাও বহুকেইজন গ্ৰাহকে মোক ব্যস্ত কৰি
ৰাখিছিল | তাৰ মাজত বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত এজন বিষয়া আৰু তেখেতৰ
পত্নীও আছিল | মই মোৰ স্বাভাৱিক ক্ষীপ্ৰতাৰে সকলোৰে অভিযোগ মাৰি আহিছোঁ, কামবোৰ
সংশ্লিষ্ট কৰ্মচাৰীৰ মাজত ভগাই দিছোঁ, লগতে
মিটিংখনৰ বাবে প্ৰয়োজনীয় তথ্যও যোগাৰ কৰি আছোঁ | বিষয়াজনৰ
ঘৰটো বহুতদিন ধৰি বন্ধ হৈ আছিল, তাৰ বাবে তেওঁৰ
বিলখনো বহুত গণ্ডগোল হৈ আছিল | মই প্ৰায়
এঘণ্টামানৰ ভিতৰত এজন মিটাৰ ৰীডাৰ পঠিয়াই শুদ্ধ বিল এখন বনোৱাই দিলোঁ, লগতে
আগলৈও এই সমস্যাটো যাতে নহয় তাৰ কাৰণে প্ৰতিকাৰ হিচাপে অনুসৰণ কৰিবলগীয়া
প্ৰচেষ্টাটো বুজাই দিলোঁ | তেওঁলোক দুয়োজন পতি-পত্নীয়ে লগে লগে মোৰ প্ৰশংসা কৰিব আৰম্ভ
কৰিলে যে তেওঁ ইমান বছৰৰ কৰ্মজীৱনত কোনো চৰকাৰী কাৰ্য্যালয়ত ইমান সক্ৰীয় আৰু
ক্ষীপ্ৰ বিষয়া তেওঁ বেছি দেখা নাই | সঁচা
কবলৈ গলে মোৰ সন্মুখতে মোৰ প্ৰশংসা কৰি থকা দেখি অলপ লাজো লাগিছিল | তেওঁ
এইটোও কলে যে তুমি কেৰিয়াৰ আগবঢ়াবৰ কাৰণে কিবা ভাৱিছা নেকি ? মোৰ
স্নাতকোত্তৰ শিক্ষাৰ আচঁনি শুনি খুব ভাল পালে আৰু বাৰুকৈ উত্সাহিত কৰিলে | যোৱাৰ
আগে আগে তেওঁ মোৰ বছৰ আগত গৈয়ো কৈ গল যে তেওঁ মোৰ কামৰ দ্বাৰা খুবেই সুখী গ্ৰাহক |
এই ঘ্টনাটো আৰু তাৰ স্মৃতি আজিও মোৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ | যেতিয়া নিজৰ কৃতিত্ব অথবা ক্ষমতাৰ ওপৰত সন্দেহ হয়, ভাৱ হয় যেন মই নোৱাৰিম, তেতিয়াই অতীতলৈ ঘুৰি চাওঁ, এই ঘটনাটোলৈ মনত পৰিলে তেখেতৰ আৰু তেখেতৰ পত্নীৰ উদ্যমভৰা কথাই মোক অলপ হলেও উত্সাহিত কৰি তোলে, নিজৰ যোগ্যতাৰ ওপৰত থকা বিশ্বাস অলপ হলেও সতেজ হৈ উঠে|

~ অৰুন্ধতী (২৬ মাৰ্চ, ২০১৪)
No comments:
Post a Comment