Tuesday, December 16, 2008

তোমাৰ পৰশ পালেই



তোমাৰ পৰশ পালেই
সপোনবোৰে পাখি মেলে
এতিয়াই যেন উৰা মাৰিম
সৌ আকাশলৈ
সৌটুকুৰা মেঘৰ বুকুলৈ !!!

তোমাৰ পৰশ পালেই
হেপাঁহবোৰ সেউজীয়া হয়
জীয়াই থকাৰ ইচ্ছা
আৰু তীব্ৰ হয়
দুহাঁতেৰে যেন সাৱটি লম
পৃথিৱীৰ
এতিয়াই গোটেইখিনি ৰং !!!

তোমাৰ পৰশ পালেই
মোৰ এধানি হৃদয়খন পোহৰ হৈ পৰে
ডিচেম্বৰৰ এটি শীতল পুৱাৰ কোমল ৰ’দে
যেন সতেজ কৰি তোলে মোৰ বুকুৰ চোতাল !!!

তোমাৰ পৰশ পালেই
পলকতে
যেন হেৰাই যাওঁ নিজৰ মাজত!!!

@Arundhatee Copyright protected