Monday, March 31, 2014

Tarte: 5-piece Amazonian Butter Lipstick Set "kiss and makeup"

So, here is my second beauty related post. My blog is almost about everything; things that affect my daily life. Beauty and learning about makeup has been a big fat hobby for a few months now. Anyway, I wrote about it quite extensively in my first beauty post.

Today’s product is a lipstick set from Tarte. I believe this was also a holiday set. It is called the 5-piece Amazonian butter lipstick set “Kiss and makeup”. Isn’t that a fun name J? I bought this from their website directly when they were having some kind of spring sale. It had a retail value of around $45; I had a 20% off coupon and ended up paying a final of $34.80, the individual butter lipsticks retails for $16. I was also pleasantly surprised to receive a deluxe sized lights, camera, flashes™ statement mascara as a birthday gift…who does not love free cute items? The set is also available in QVC, hautelook from time to time.


Let’s go to the main product now, Tarte is a natural brand and as they mention in their website these butter lipsticks are infused with precious Amazonian butters to hydrate and smooth lips throughout the day. The product is formulated without parabens, mineral oil, phthalates, triclosan, sodium lauryl sulphate, synthetic fragrance. This set is consisting of 5 amazonian butter lipsticks in some lovely shades ranging from ultra-nude, peach to bright red and pinks. Tarte has a variety of lipstick formulation. I love the packaging of the kit (so obvious with any product I buy from them J ). It is adorned with the typical golden pattern all over the packaging. The actual tube of the lipstick is also very cute and adorable. Each one has a different base color like mint green, lavender, coral, violet and light pink with the same Tarte gold pattern. However, the cap is just cardboard and for me it does not appear to be very very sturdy. As one of my fellow blogger pointed out, there is a risk of the lipstick melting down in summer if you carry it in your bag.

The texture and formulation of the lipsticks is so very lovely. It definitely proves true to its name. It is not extremely opaque but really buttery on your lips. For me, the formulation seems to be something between a lip stain and a lipstick because of its sheerness. Personally I am a big fan of super pigmented opaque lipsticks in bold color on my lips. However, the pigmentation on these is really great but they are a bit sheer. You may build it up though. For me, it tends to accentuate the fine lines in my lips just a tiny bit. But I do not mind any of these, because these lipsticks give such a hydrating, moisturizing feel to my lips. I have not been playing a whole lot with the set. But yes, they do stay for up to 6-8 hours without much need of retouching.


Angelic nude: It is the palest of all. Not a great color on my olive/tan medium skin tone. But I do believe with a little bit of pink or peach gloss, I can carry the color without any huge difficulty. I can definitely see softer skin tone girls rocking this color.

Sweet peach: this shade has pleasantly surprised me. For the current spring season, I was looking for a soft peach color, not yet ready to dive into the whole orange color looks. I think this is the prefect peachy coral shade for me. Having said that, I will also add that the shade will look a lot more perfect for girls a little paler than me. But I just love the look on me; it’s very refreshing, very spring like.   


Merry berry: such a fun color and equally fun name. It’s a bright red berry color with blue, pink and gold micro glitters. If you ask me, quite a bold and adventurous color. But luckily I happen to look good in bold dark colors or so I have been told. I am not sure yet, if I like the sparkles. I am not a huge fan of frosty look on my lips. But I love LOVE the shade. It never hurts to have some variety in your vanity.

Pink poinsettia: Another fun name. Poinsettia is a bright red flower indigenous to Mexico and Central America, I read so in Wikipedia J. It’s a bright red-pinky color, but because the lipsticks are sheer, this shade gives me that particular brightness without appearing to be extremely bold. I love this shade.


Candy red: this is a blue-based classical red. The name has such a strong holiday spirit to it. It has not been very long ago that I have started to wear red colors, and I already have developed a weakness for red. I love to play up my lips and my entire mood with a bright red lipstick. I must admit that Candy Red is my most favorite in the bunch with Sweet peach being close second. I love how elegant and playful a look it gives me. Sure, it is not an everyday color, but the set has other everyday colors for you J


Even if I don’t reach for them every other day, I love them. They are really moisturizing on the lips. The darker colors do have a little more staying power than the rest. They do have subtle minty feel to them, but not as strong as the LipSurgence from Tarte as well.

So here are my quick takes---
Pros:
  • Excellent value
  • Great range of color as a set
  • Very moisturizing
  • Added bonus…extremely cute packaging
Cons:
  • Not a very sturdy packaging for the tubes.
I know I am quite late in putting up my thoughts for a holiday kit; however I still do hope this will be helpful to at least some of you.

Love,
~Aru


Wednesday, March 26, 2014

সৰু সৰু মূহুৰ্তবোৰ

যোৱা ২৯ জুলাইত মোৰ আমেৰিকা অহা সম্পূৰ্ণ দুবছৰ হল | প্ৰথম বছৰটো কেনেকৈ পাৰ হৈ গল এতিয়া মনত নপৰে | হয়তো আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল অৱস্থা এটাৰপৰা অচিনাকি দেশ এখনত শৈক্ষিক ৠণ লৈ ছাত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ সংঘৰ্ষত ইমান ব্যস্ত হৈ আছিলো যে ঘৰলৈ মনত পেলাই হুমুনিয়াহ কঢ়াৰ সময়েই নাছিল | কিন্তু আজি দুবছৰৰ মূৰত প্ৰায়ে ঘৰলৈ মনত পৰি মনলৈ বিষণ্ণতা আহি আছে | মোৰ আপোন ঠাইডোখৰৰ কিছু সৰু সৰু অথচ দৈনন্দিন ঘটনাবোৰলৈ মনত পৰি আছে | মনত পৰি আছে ঘৰলৈ বুলি বাছৰপৰা নামি ৰিক্সা নাপালে কৰা ১০ মিনিটযোৰা পদভ্ৰমণ, মাৰ হাঁতৰ ভজা মাংসৰ অনুপম সোঁৱাদ, মনত পৰি আছে আমাৰ নামঘৰটোত হোৱা বিভিন্ন নাম-প্ৰসংগ আৰু সেইবোৰত আমাৰ চাৰিজনী বান্ধৱী আৰু ভনীয়েকসৱৰ আড্ডাবাজি...
ইয়ালৈ অহাৰ দৃঢ় সিদ্ধান্ত লোৱাৰ আগতে মোৰ মনত এটা কথাই ক্ৰিয়া কৰি আছিল যে জীৱনটো অভিজ্ঞতা বুটলাৰ বাবে | পৃথিৱীখন নিজৰ কৃতিত্বৰে চোৱাৰ আৰু বুজাৰ এক অদম্য হাৱিয়াস আছিল | মোৰ অভিজ্ঞতাবোৰ ভাল নে বেয়া তাৰ খতিয়ান মই পিছত লম | কিন্তু এটা কথা স্বীকাৰ নকৰি নোৱাৰো যে অভিজ্ঞতা অৰ্জাৰ ক্ষেত্ৰত ভগৱানে মোক যথেষ্ট সুযোগ দিছে |এতিয়া যদি অতীতলৈ চকু ফুৰাই চাওঁ আভিযান্ত্ৰিক শিক্ষাৰ চাৰিবছৰযোৰা অভিযানবোৰলৈ মনত পৰে, আই. টি ইণ্ডাষ্ট্ৰীত খোপনি বিচাৰি হায়দৰাবাদত কৰা সংঘৰ্ষলৈ আৰু অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ অতিশয় ব্যস্ত দিনবোৰলৈ মনত পৰে | প্ৰায়বোৰ মানুহৰ দৰে মোৰ জীৱনলৈও কেতিয়াবা বিষণ্নতা আৰু হতাশা আহে | কিন্তু সেই সময়ত যেতিয়া অতীত ৰোমণ্ঠন কৰোঁ, কিছুমান সৰু-সুৰা ঘটনাই এতিয়াও মোক আপ্লুত কৰি তোলে, মনটো অলপ হলেও সজীৱ কৰি তোলে | দৈনন্দিন জীৱনৰ হাজাৰ ব্যস্ততাৰ মাজতো কেতিয়াবা হঠাতে কোনোবা অচিনাকি মানুহ এজনে এনেকুৱা এটা মন্তব্য দি যায় যিয়ে বহুদিনলৈ মোৰ মন সুখী কৰি ৰাখিব পাৰে, অলপ সময়ৰ বাবে হলেও | আজি মোৰ পঢ়ুৱৈসকলৰ মাজত তেনেকুৱা কেইটামান ভাল সময়ৰ কথা ভগাই লব বিচাৰিছোঁ |
ডিজনীলেণ্ডৰ ৰাজ্যত:
যোৱা বছৰৰ জুন মাহত কামসম্পৰ্কীয় প্ৰশিক্ষণ এটাৰ বাবে ফ্লৰিডা ৰাজ্যৰ অৰ্লেণ্ডো চহৰত এসপ্তাহ আছিলোঁ | ডিজনীলেণ্ড, ছিৱৰ্ল্ড, উনীভাৰ্ছেল স্টুডীও ইত্যাদিৰে অৰ্লেণ্ডো আমেৰিকাৰ এখন অন্যতম পৰ্য্যটক চহৰ | আমাৰ প্ৰশিক্ষণ এখন হোটেলত হৈছিল | ৰাতিপুৱাৰ জলপান হোটেলতে দিয়া হৈছিল যদিও দুপৰীয়াৰ আহাৰ নিজে ওচৰত বিচাৰি লবলগীয়া হৈছিল | জুন মাহৰ অৰ্লেণ্ডো মানেই প্ৰচণ্ড গৰম আৰু অদ্ভূতধৰণৰ আৰ্দ্ৰতা | খুবেই অশান্তিকৰ | দুপৰীয়াৰ আহাৰ কৰিম বুলি গাড়ীখন পাৰ্কিঙত ৰখাই লৈ দোকানত সোমালোঁ | দুপৰীয়াৰ ১২টা বাজিছে | এইখন দেশত আগবেলাৰ ১১-১২টাৰ সময়খিনি মধ্যাহ্নভোজনৰ বাবে একেবাৰে ভৰপক সময় | স্বাভাৱিকতে দোকানখনত যথেষ্ট দীঘল শাৰী আছিল | মই সময় বচাবলৈ এটা অতি সাধাৰণ চেন্দউইচ ললোঁ | মোৰ সহকৰ্মীজনে এবাৰ হোটেললৈ যাব বিচাৰি আছিল | সেয়ে মইও যিমান পাৰোঁ সোনকালে মোৰ চেন্দউইচটো লৈ ওলাই আহিব বিচাৰিছিলোঁ | যেতিয়া শাৰীটোত মোৰ নম্বৰটো আহিল, কেছিয়াৰজনীয়ে মোৰ ঋণপত্ৰ (ক্ৰেডিত কাৰ্ড) খন কামত লগাব নোৱাৰিলে | যেতিয়া দুবাৰ-তিনিবাৰ অসফল হল, মই নগদ টকা উলিয়াই দিবলৈ মোৰ বেগলৈ হাত মেলিলোঁ | হঠাতে মোৰ ঠিক পিছতেই থিয় হৈ থকা ভদ্ৰলোকজনে কৈ উঠিলে – “It’s alright ma’am, let me pay for you. Today’s lunch on me.” অচিনাকি চহৰ এজনৰ একেবাৰে অচিনাকি মানুহ এজন | মোৰ বৰ্তমানৰ অভিজ্ঞতাই কয় যে আমেৰিকাৰ মানুহবোৰ স্বভাৱসুলভ সহায়কাৰী | কিন্তু তথাপিও তেওঁৰ এই প্ৰস্তাৱটো মোৰ বাবে অতিশয় আকস্মিক আৰু আশ্চৰ্য্যকৰ আছিল | মই অতি নম্ৰভাৱে তেওঁৰ সহায়ৰ বাবে ধন্যবাদ আগবঢ়াই কলোঁ যে মোৰ লগত নগদ টকা আছে, গতিকে তেওঁ কষ্ট কৰিব নালাগে | তথাপিও তেওঁ খুব জোৰ কৰিলে | দীঘলীয়া শাৰী এটাত এইটো কথা লৈ বেছি আলোচনা কৰি বাকী মানুহবোৰৰ সময় নষ্ট কৰিবলৈও বেয়া লাগে | ইয়াত সময়ৰ মূল্য বহুত বেছি | হয়তো সেই ভদ্ৰলোকজনৰ হাতত সেইদিনা সময় তাকৰ আছিল, সেয়ে তেওঁ নিজেই আগবাঢ়ি আহিল আৰু মোক সহায় কৰিলে | যাহওঁক, বেলেগ এখন দেশৰ এখন সম্পূৰ্ণ অচিনাকি মানুহৰ লগত ঘটা এইটো ঘটনাৰ স্মৃতিয়ে এতিয়াও মোৰ মনলৈ ফুৰ্তি আৰু উদ্যম ঘূৰাই আনে |
এগৰাকী বৃদ্ধা আৰু তেওঁৰ একচনীয়া মাটিডোখৰ:
আজিৰপৰা প্ৰায় চাৰে তিনিবছৰৰ আগৰ ঘটনা | অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ চাকৰিত যোগ কৰাৰ বহুত বেছিদিন হোৱা নাই | মই গুৱাহাটীৰ এক বিভাগীয় সংমণ্ডলত কাম কৰিছিলোঁ | আমাৰ শাখাই তিনিটা উপ-সংমণ্ডল নিয়ণ্ত্ৰণ কৰিছিল আৰু সেই সময়ত নতুন গ্ৰাহক সংযোজন কৰা ব্যৱস্থাটো অলপ সৰলীকৰণ কৰা হৈ আছিল | প্ৰচেষ্টাটোত সময় কম লৈছিল যদিও আমাৰ কাৰ্য্যালয় আৰু উপ-সংমণ্ডলৰ মাজত যথেষ্ট সমন্বয়ৰ প্ৰয়োজন হৈছিল, লগত বহুত নথী-পত্ৰৰো দৰকাৰ হৈছিল | বিভাগীয় কাৰ্য্যালয়টোত এই প্ৰকল্পটো মই তদাৰক কৰিছিলোঁ | দিনটো বেলেগ বেলেগ পৰিৱেশৰ, বেলেগ বেলেগ আৰ্থিক পৰিস্থিতিৰ আৰু বেলেগ বেলেগ মানসিকতাৰ বিভিন্ন মানুহক লগ পাওঁ | তেওঁলোকৰ জীৱনৰ এটা অতিকৈ মহত্তপূৰ্ণ সপোনৰ সৰু অংশ হব পাৰোঁ | নিজাকৈ এটা ঘৰ বনোৱাটো সকলো মানুহৰ জীৱনৰে এটা বৰ মৰমৰ সপোন |সেই সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ অন্তিম পৰ্য্যায়বোৰৰ ভিতৰত বিদ্যুত সংযোগ হোৱাটোও এটা | 
মোৰ প্ৰ্ৰায়বোৰ গ্ৰাহক আছিল ডাঙৰ ডাঙৰ অট্টালিকাৰ অথৱা নতুন ফ্লেটৰ মালিক, নহলেবা পাহাৰৰ একচনীয়া মাটিত ঘৰ সাজি জীৱনটোত থিতাপি লোৱাৰ চেষ্টা কৰা মানুহ | দৰকাৰী কাগজ-পত্ৰৰ ক্ষেত্ৰত মই অতি কাঢ়া আছিলোঁ, প্ৰয়োজনীয় কাগজ পত্ৰ হলেহে কাম আগবঢ়াইছিলোঁ | অফিচলৈ প্ৰায়ে এগৰাকী বৃদ্ধা আহিছিল | তেওঁৰ তিনিগৰাকী পুত্ৰ, কিন্তু এজনৰ বাহিৰে বাকীকেইজন অকামিলা | যিজনৰ লগত তেখেত থাকে, সিও অটো চলায়, সেয়ে অফিচলৈ বাৰে বাৰে বাটকুৰি বাই অহাৰ সময় নাই | তেওঁ প্ৰায়ে অফিচলৈ আহে যদিও সদায় কিবা নহয় কিবা এখন দৰকাৰী কাগজ পাহৰি যায় বা দেখুৱাব নোৱাৰে | মই তেখেতক খুব ভালদৰে শান্তভাৱে বুজাই কওঁ যে আপুনি বেয়া নাপাব, কিন্তু এইকেইখন নথীপত্ৰ নোহোৱালৈ আপোনাক মই অনুমতি দিব নোৱাৰিম ! তেখেতে মাজে মাজে আফচোঁচো কৰে যে কিছুমান কৰ্মচাৰীয়ে তেওঁলোকক সৰু মানুহ বুলি ভালদৰে মাত-বোল নকৰে | প্ৰায় দুই-তিনিমাহ এনেদৰে কটোৱাৰ পিছত এদিন তেওঁ সকলোখিনি কাগজ পত্ৰ যোগাৰ কৰিব পাৰিলে | 
মোৰ যদি ভালদৰে মনত আছে আমাৰ কাৰ্য্যালয়ৰ পৰা অনুমতি যোৱাৰ দুদিনমান পাছতে তেওঁৰ ঘৰলৈ প্ৰাথমিক জৰীপৰকাৰণে কৰ্মকৰ্তা গল আৰু তেওঁৰ আবেদনখন মন্জুৰ কৰা হল | তাৰ প্ৰায় এসপ্তাহমানৰ পিছৰ ঘটনা | এদিন দুপৰীয়া ১২ টা মান বজাত তেওঁ মোৰ কাৰ্য্যালয়ত আহি উপস্থিত | মই আচৰিত হৈ তেওঁক কলোঁ যে আপোনাৰ ফালৰপৰা সকলোখিনি কাম হৈ গৈছে এইটো অফিচত | তেওঁ লগে লগে এটা সৰু টোপোলা উলিয়াই কলে – “নহয় বাইদেউ, আজি একো কামত অহা নাই | আপোনাৰ কাৰণে অকণমান মিঠাই আনিছোঁ | ইমান বছৰ কিমান চৰকাৰী কাৰ্য্যালয়ত কিমান কামত ঘূৰিলোঁ, কিন্তু কোনেও আপোনাৰ দৰে সন্মান দি, ধৈৰ্য্য ধৰি কথা পতা নাই | কিবা এটা সুধিলে ভেকাহি মাৰিহে উঠিব | আপোনাৰ তাত কিমানদিন আহিলোঁ, এদিনো টানকে নকলে | আপোনাৰ টিফিন বুলি লব, বৰ ভাল পাম বাইদেউ |” অলপ সময়ৰ কাৰণে লাগিল যেন তেওঁ মোৰ কোনোবা চিনাকি জেঠাইহে | উপায় নাপাই হাঁহি মাৰি কলোঁ –“ৰাখিম দিয়ক, খালী এতিয়াৰ পৰা নিজৰ দৰকাৰী-পত্ৰবোৰ সময় থাকোঁতে যোগাৰ কৰি থব |” ASEB ত যোগদান কৰাৰেপৰা মই বহুত সতৰ্ক হৈ থাকিছিলোঁ কোনোবাই কিবা মূহুৰ্তত ঘোচ বা বেলেগধৰণৰ বস্তু যাঁচে বুলি | বহুবাৰ তেনে অভিজ্ঞতাৰ সন্মুখীনো হৈছিলোঁ | সঁচা কবলৈ গলে তেওঁৰ টোপোলাটো দেখি ভয়েই খাইছিলোঁ | কিন্তু মিঠাইৰ টোপোলাটোত সোমাই থকা সহজ সৰল মানুহগৰাকীৰ মৰমখিনিক মই কি সঁতেনো ঘোঁচৰ লগত তুলনা কৰোঁ | ইমান দিনৰ মূৰতো ঘটনাটো মনত পৰিলে মনটো ভাল লাগি আহে যে কেতিয়াবা এগৰাকী অচিনাকি বৃদ্ধাৰ মুখলৈ মোৰ ব্যৱহাৰে অলপ সময়ৰ কাৰণে হলেও হাঁহি কঢ়িয়াই আনিব পাৰিছিল |
ভাৰতীয় বায়ু সেনাৰ এজন বলিষ্ঠ বিষয়া আৰু মোৰ আমেৰিকান সপোন:
২০১১, মে মাহ | গুৱাহাটীত প্ৰচণ্ড গৰম | মই অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ জুৰোড উপ সংমণ্ডলত ৰাজহ বিষয়া (Sub-Divisional Officer, Revenue) হিচাপে কৰ্মৰত | মোৰ বাবে অতিশয় ব্যস্ত সময় | গৰম বঢ়া মানেই গ্ৰাহকৰ অভিযোগ বঢ়া, গতিকে দিনটো বিভিন্ন গ্ৰাহকৰ বিভিন্ন সমস্যা সমাধানত ব্যস্ত থাকিব লাগে | তাৰোপৰি তেতিয়া মোৰো উচ্চ শিক্ষাৰ বাবে আমেৰিকা অহা প্ৰায় নিশ্চিত্ত হৈ পৰিছিল আৰু ভিচা আদিৰ কাৰণে আবেদন কৰিবলৈ সদায় ৰাতিৰ ভাগত কাগজ-পত্ৰ যোগাৰ কৰাত ব্যস্ত আছিলোঁ | সেইদিনা দিনটোৰ শেষৰফালে বিভাগীয় অফিচত আমাৰ এখন ডাঙৰ মিটিঙো আছিলে | সদায়ৰ দৰে সেইদিনাও বহুকেইজন গ্ৰাহকে মোক ব্যস্ত কৰি ৰাখিছিল | তাৰ মাজত বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত এজন বিষয়া আৰু তেখেতৰ পত্নীও আছিল | মই মোৰ স্বাভাৱিক ক্ষীপ্ৰতাৰে সকলোৰে অভিযোগ মাৰি আহিছোঁ, কামবোৰ সংশ্লিষ্ট কৰ্মচাৰীৰ মাজত ভগাই দিছোঁ, লগতে মিটিংখনৰ বাবে প্ৰয়োজনীয় তথ্যও যোগাৰ কৰি আছোঁ | বিষয়াজনৰ ঘৰটো বহুতদিন ধৰি বন্ধ হৈ আছিল, তাৰ বাবে তেওঁৰ বিলখনো বহুত গণ্ডগোল হৈ আছিল | মই প্ৰায় এঘণ্টামানৰ ভিতৰত এজন মিটাৰ ৰীডাৰ পঠিয়াই শুদ্ধ বিল এখন বনোৱাই দিলোঁ, লগতে আগলৈও এই সমস্যাটো যাতে নহয় তাৰ কাৰণে প্ৰতিকাৰ হিচাপে অনুসৰণ কৰিবলগীয়া প্ৰচেষ্টাটো বুজাই দিলোঁ | তেওঁলোক দুয়োজন পতি-পত্নীয়ে লগে লগে মোৰ প্ৰশংসা কৰিব আৰম্ভ কৰিলে যে তেওঁ ইমান বছৰৰ কৰ্মজীৱনত কোনো চৰকাৰী কাৰ্য্যালয়ত ইমান সক্ৰীয় আৰু ক্ষীপ্ৰ বিষয়া তেওঁ বেছি দেখা নাই | সঁচা কবলৈ গলে মোৰ সন্মুখতে মোৰ প্ৰশংসা কৰি থকা দেখি অলপ লাজো লাগিছিল | তেওঁ এইটোও কলে যে তুমি কেৰিয়াৰ আগবঢ়াবৰ কাৰণে কিবা ভাৱিছা নেকি ? মোৰ স্নাতকোত্তৰ শিক্ষাৰ আচঁনি শুনি খুব ভাল পালে আৰু বাৰুকৈ উত্সাহিত কৰিলে | যোৱাৰ আগে আগে তেওঁ মোৰ বছৰ আগত গৈয়ো কৈ গল যে তেওঁ মোৰ কামৰ দ্বাৰা খুবেই সুখী গ্ৰাহক | 
এই ঘ্টনাটো আৰু তাৰ স্মৃতি আজিও মোৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ | যেতিয়া নিজৰ কৃতিত্ব অথবা ক্ষমতাৰ ওপৰত সন্দেহ হয়, ভাৱ হয় যেন মই নোৱাৰিম, তেতিয়াই অতীতলৈ ঘুৰি চাওঁ, এই ঘটনাটোলৈ মনত পৰিলে তেখেতৰ আৰু তেখেতৰ পত্নীৰ উদ্যমভৰা কথাই মোক অলপ হলেও উত্সাহিত কৰি তোলে, নিজৰ যোগ্যতাৰ ওপৰত থকা বিশ্বাস অলপ হলেও সতেজ হৈ উঠে|

~ অৰুন্ধতী (২৬ মাৰ্চ, ২০১৪)

Sunday, March 16, 2014

আমেৰিকাৰ বিহু

দুবছৰ আগত হোৱা হলে মায়ে চাগে এইখিনি সময়ত উশাহ নোপোৱাকৈ কাম কৰিলেহেঁতেন ! মাৰ চিন্তাৰ মূল কাৰণ হলহেঁতেন এতিয়াও তাঁত-শালত আধুৰুৱা হৈ থকা ৫ খন গামোচা |সেইকেইখন যদি বিহুৰ আগতে বৈ উলিয়াব নোৱাৰে পৰিয়ালৰ সকলোটিলৈ বিহুৱান নাটিবই | মাদ্ৰাজৰপৰা অহা গামোচাকেইখনৰ প্ৰতি মাৰ অলপো মৰম নাই | তাৰোপৰি চুবুৰীৰ অকনমাণিকিজনীলৈ চুলিত মৰা কিলিপ, খাৰু, কাণফুলি আদি কিনিবই আছে | সিহঁতকিজনীয়ে বিহুৰ দুমাহমান আগৰেপৰা খুব হেঁপাহেৰে ৰখি থাকে যে পমিহঁতৰ বৰমাই তাহাঁতক বিহু বুলি কিবা এটাটো দিবই!পমি আমাৰ মৰমৰ কুকুৰজনী | ২০০১ চনৰপৰা প্ৰায় এটা দশক তাই আমাৰ লগত আছিল | ২০১০ চনত তাই অলপ বেমাৰত পৰিয়ে আমাক এৰি গুচি গল বহুত দুৰলৈ.. কিন্তু জীৱনৰ শেষ দিনলৈ তাই আমাৰ ঘৰখনৰ লগতে চুবুৰীটোৰ পহৰাদাৰী কৰিছিল | আমাৰ লগতে গোটেই চুবুৰীটোৱে তাইক বৰ মৰম কৰিছিল | চাকৰি আৰু পঢ়া-শুনাৰ খাতিৰত আমি দুয়ো বাই-ভনী অসমৰপৰা বহুতদিন আঁতৰত আছিলো | লাহে লাহে কাষৰ জেঠি, খুৰীহঁতে আমাৰ মাক মাইনাহঁতৰ মাক বুলিব এৰি পমিৰ মাক বুলি মাতিবলৈ ধৰিলে...প্ৰথমতে আমি মাৰ আগত আপত্তি কৰিছিলো যে পমিহে এতিয়া বেছি আপোন হল | কিন্তু সচাঁ কবলৈ হলে তাইৰ সম্পুৰ্ণ অধিকাৰ আছিল | ১০ বছৰ তাইয়েই আছিল মাৰ লগৰী..মই, ভণ্টি আৰু দেউতা গুৱাহাটীৰপৰা আঁতৰত থকাই বহুকেইবাৰ মাহৰ পিছত মাহ মা ঘৰত অকলে থাকিবলগীয়া হৈছিল | সেই সময়ৰ পমি মাৰ ওচৰত থকাটোৱে আমাক গোটেইকেইজনকে মানসিক সকাহ দিছিল |
যাহওক, দুবছৰ আগত হোৱা হলে চাগে মইও এইখিনি সময়ত বিহুৰ বজাৰ কৰি থাকিলোহেঁতেন | আমেৰিকালৈ অহাৰ আগতে অসম ৰাজ্যিক বিদ্যু পৰিষদ (ASEB) ত চাকৰি কৰি আছিলো | এপ্ৰিল মাহৰ আৰম্ভণিৰপৰা অফিচত সোধ-পোঁছ আৰম্ভ হৈ যায় – “বাইদেউ বিহুৰ কাপোৰ ললে নে নাই! মাৰ কাৰণে কি ললে, ভণ্টিক কি দিব !” এইফালে দুদিনৰ মূৰে মূৰে বছৰ তদাৰকি আৰম্ভ হব যে বিহুৰ নামত পাচদিনকৈ বন্ধ...কেনেকৈ চম্ভালিবা অৰুন্ধতী...এইবাৰ কিন্তু revenue target ২ crore আছে | যেনেকৈ নহওঁক উঠাব লাগিব |” এইখিনিৰ মাজতে হয়তো উজান বজাৰৰপৰা DGM ছাৰৰ (মানে মোৰ বছৰ বছ) ফোন আহিব ... “অৰুন্ধতী আজি কিমান উঠিলে টকা? জোৰ দিয়া...জোৰ দিয়া...” | কথা সামৰি মোৰ নিজৰ মেজলৈ আহি দেখিম যে অভিযোগ লৈ প্ৰায় ৫-৬ জন উপভোক্তা | সকলোৰে এটাই কথা...”বাইদেউ (বেছিভাগে মেডাম বুলিহে মাতিছিল পিছে)..বিহুৰ বতৰ..গোটেই বিলটো দিব নোৱাৰিলে যেন লগে লগে লাইন কাটি নিদিয়ে” | মোক সৰু ছোৱালী যেন দেখি যদি ৪ জনে মৰম আৰু ধৈৰ্য্য সহকাৰে কথা পাতে, ৫ নম্বৰজনে আকৌ শুনাই দিব ..”তুমি জন্ম নোহোৱাৰপৰাই মই ASEB ৰ উপভোক্তা...এতিয়া তুমি কলেই ইমান পুৰণা মিটাৰটো বদলাম নে??” মই “গ্ৰাহকেই ভগৱান” বুলি মনতেই ভাৱি হাঁহি এটা মাৰি বুজাম যে ইমান পুৰণা কাৰণেইতো সলনি কৰা ভাল! পুৰণা electromechanical meter, কম efficiency| অনাহকত বিদ্যুতৰ অপচয় | দিনটো এনেদৰে নানান ধৰণৰ গ্ৰাহকৰ লগত মুখখন চলাই চলাই শেষত ৫ টামান বজাৰপৰা মোৰ নিজৰ ভাগৰ দিনতীয়া কামবোৰ আৰম্ভ কৰিলোহেঁতেন | Accounts Officer জনক মাতি দিনটোত কিমান মানুহে পইচা দিলে খবৰ লোৱা, computer ৰ data back-up লোৱা, ছপাশালক ফোন কৰি নিচিত্ত কৰা যাতে গ্ৰাহকৰ বিলবোৰ সময়মতে কাৰ্য্যালয়ত আহি পায়, মোৰ কৰ্মচাৰীবোৰে দিনটো বিলবোৰ এখন এখনকৈ বিচাৰি বিচাৰি তৈয়াৰ কৰা disconnection তালিকাখন উলিয়াই অফিচৰ lineman কেইজনক ফোন কৰি সুনিচিত্ত কৰা যে পইচা নিদিয়া গোটেইকেইজন উপভোক্তাৰ লাইন কটা যাওক | তাতকৈ বেচি গুৰুত্তপুৰ্ণ হল disconnection তালিকাত থকাৰ ভিতৰত যিসকলে পইচা দিছে তেওঁলোকৰ ঘৰলৈ যাতে বিদ্যুত সৰবৰাহ আকৌ আৰম্ভ হয়...অনতিপলমে তাৰ বন্দবস্ত কৰা | এইবোৰ কৰোঁতে কৰোঁতে হয়তো ৭ বাজিবৰে হব আৰু গোটেই কাৰ্য্যালয়টোত মোৰ কোঠাত মই, cash counter ত এসোপামান bounced cheque ৰ মাজত Accounts Officer চহৰীয়া আৰু বাহিৰত চকীদাৰজন বাকী ৰৈ যাম | মনে মনে ভাৱি ভয় খাম যে বিহুৰ পিছত যিদিনাখন প্ৰথম কাৰ্য্যালয় খুলিব, বিল দিয়া, অভিযোগ কৰা মানুহ কিমান হব | মিছা নকওঁ, কিন্তু এইটো ভয়ৰ কাৰণে মাজে মাজে এনেয়ো লাগিছিল যে বিহুৰ বন্ধকেইটা নথকাও ভাল! কিবা এটা বিচাৰি বেগত হাতখন ভৰাওঁতেহে টিফিনটো দেখি মনত পৰিব যে মায়ে পুৱাই পুৱাই অত কষ্টেৰে বনাই দিয়া ৰুটি-ভাজিখিনি খোৱাই নহল | আবেলি মিটিংখনত খোৱা চাহ-চিংৰাই ভোকটো ডবাই ৰাখিলে |AEC ৰ পৰীক্ষাৰ আগদিনা যি ক্ষীপ্ৰতাৰে পঢ়িছিলো, সেই একেই ক্ষীপ্ৰতাৰে কামবোৰ সামৰি কোনোৰকম অফিচটো এৰি গাড়ীত বহিলোহেঁতেন | মাক ভালৰি লগাবলৈ গাড়ী চলাব আৰম্ভ কৰাৰ আগেয়ে মাক এটা ফোন লগাই কলোহয়…”মা, ওলালো ৰবা ইয়াৰপৰা” | তেতিয়ালৈ ঘড়ীত কিজানি ৭.৩০ বাজিলহেঁতেন | ঘৰত গৈ মায়ে বনোৱা চাহৰ সৈতে টিফিনৰ ৰুটি-ভাজি খালোহেঁতেন, মাৰ পৰা গালি খোৱাৰ ভয়তে | মোৰ ভয়াৰ্ত মূখখন দেখি মায়ে একো আৰু নকলেহেঁতেন | কিন্তু চাহটোপা খাই উঠি যদি হাতত বাতৰি-কাকতখন লৈ ভিতৰৰ কোঠালৈ ৰাওনা হওঁ, তেতিয়া কিন্তু মাৰ বিহুবলীয়া ৰূপটো প্ৰকট হোৱাৰ সম্ভাৱনা খুবেই বেছি | হয়তো দুখ কৰিব যে ঘৰটোত এজনীয়ে ছোৱালী.. তায়ো কথা নাপাতে, হয়তো আপত্তি কৰিব যে পিঠা বনাবলৈ অনা গুৰখিনি ভাল নহয় | বেলেগ আনিব লাগিব, কিন্তু মই অফিচৰ বাহিৰে একো নাজানো, আৰু দেউতাটো বিহুৰ আগদিনাহে ঘৰ আহি পাব | হয়তো ভণ্টিলৈ মনত পেলাই আক্ষেপ কৰিব যে সৰু হলেও তাইৰ জ্ঞান বেছি, ঘৰত থাকিলে হয়তো তাই বিহুৰ কামত লাগি গলহয় ! কথাটো মিছা নহয় পিছে | ভণ্টিয়ে মোতকৈ আগতে পিঠা বনাব শিকিছে, এতিয়াও মই পিঠা বনাব লাগিলে মায়ে তাইক পঠিয়াই মোৰ পিঠাৰ তদাৰক কৰিবলৈ | পঢ়িম বুলি উলিয়াই ৰখা সাদিনৰ গল্পৰ পৃষ্ঠাটো সামৰি হয়তো মই ওলাই আহিলোহেঁতেন নিজৰ কোঠাৰপৰা আৰু মাক সুধিলোহেঁতেন – “কোৱা কত আৰম্ভ কৰোঁ?” আৰু সন্ধিয়াৰ মাৰ প্ৰিয় সাঁস-বহু ধাৰাবাহিক কেইখন চলাই দি লাৰু, ঘিলা-পিঠা, আৰু তিল-পিঠা আদিৰ প্ৰস্তুতি আৰম্ভ কৰিলোহয় | যদি গুৰা ব তিলৰ লাৰু বনোৱাৰ অভিযান থাকে ঘৰৰ কাষৰে মাহীক মাতি অনা হলহেতেঁন, ইংৰাজীত কবলে হলে expert comment দিবলৈ | মাহী মানেই লগতে মাহীৰ দুয়োজনী ছোৱালী, এজনী কলেজত আৰু এজনী স্কুলত | দুয়োৰে দিনৰ কাহিনীবোৰে মুহুৰ্ততে আমাৰ নিৰৱ ঘৰখন ৰজনজনাই তুলিলেহেঁতেন | পিঠা বনোৱা হলে কিজানি আমাৰ টেপ-ৰেকৰ্ডাৰটোত জোৰে জোৰে বিহুৰ গান লগাই তিনিওজনী বাই-ভনীয়ে হেপাঁহ পলুৱাই নাচিলোহেঁতেন, মাজতে মা আৰু মাহীয়েও এপাক মাৰিলেহেঁতেন ! নাচি নাচি ভাগৰ লাগিলে দূৰণিত থকা মোৰ ভণ্টিজনীলৈ ফোন লগাই অলপমান জোঁকালোহয় যে আমি বিহু নাচিছোঁ, তই কি কৰিছ !! ৰাতিলৈ মাৰ মনটো অলপ মুকলি হলহেঁতেন, এইটো ভাৱি যে তাঁত-শালৰ গামোচা বোৱা শেষ হওক বা নহওক, পিঠা-পনাৰ কামখিনি অন্তত শেষ হল | বিচনাত বাগৰি বাগৰি হয়তো তেজপুৰত থকা মোৰ মৰমৰ দেউতালৈ ফোন লগাই আব্দাৰ কৰি কৰি সুধিব.. “আপুনি কালিয়েই নাহে কিয়নো??”
আৰু আজি দুবছৰ পিছত মই ইয়াত আমেৰিকাৰ এখন অখ্যাত ৰাজ্যৰ অখ্যাত চহৰত, গণি গণি ইয়াত আমি মাথোঁ তিনিজন অসমীয়া, তাৰে এজন হেনো দেওবাৰেও অফিচত যাবলগা হব | মই computerটোৰ আগত বহি বহি অকবৰ লিখা পঢ়িছোঁ, লগতে বেলেগ এখন অখ্যাত চহৰৰ বিষয়ে Wikipediaত পঢ়ি আছো | যদি মাজত একো বিধি-পঠালি নাহে, সেইখন অখ্যাত চহৰত অহা সোমবাৰপৰা মই চাকৰি আৰম্ভ কৰিম | যোৱা এসপ্তাহ ধৰি খুব চেষ্টা কৰিছো ওচৰত কৰবাত বিহু উদযাপিত হয় নেকি বিচাৰি উলিয়াবলৈ | যিখন সকলোতকৈ ওচৰত, মোৰ ঠাইৰপৰা ৪ ঘণ্টামান দূৰত | ইয়াত গাড়ী চলোৱা অনুজ্ঞাপত্ৰখন এমাহমান আগতেহে পাইছো | ৪ ঘণ্টা highwayত ৭০-৮০ মাইল/ঘণ্টাত গাড়ী চলোৱাৰ সাহস এতিয়াও কৰিব পৰা নাই | কিন্তু অসমৰপৰা আহোঁতে বুকুত বান্ধি অনা পাটৰ কাপোৰজোৰলৈ চাই চাই মনটো মৰহি গৈছে | কিমান দিন যে হল মেখেলা-চাদৰ পিন্ধা নাই, কিমান দিন যে হল বিহু-পূজা বুলি নতুন কাপোৰ চিলোৱা নাই, বিহুৰ দিনা বুলি বৰমাহঁতৰ ঘৰত যোৱা নাই, মা-দেউতাক বিহুৰ সেৱা জনোৱা নাই, চুবুৰীৰ লগৰীয়াকেইজনীৰ লগত হৃদয় খুলি হাঁহিব পৰা নাই... !!!
কিন্তু হাতত উপায়োতো নাই | ASEBৰ স্ঠায়ী চাকৰি এৰি ১০ লাখ টকাৰ বিদ্যাৰ্থী ঋণ লৈ পঢ়িব আহিছিলো, যিমানখিনি টকা আমেৰিকাৰ বিশ্ৱবিদ্যালয়ক দিছো, সেইখিনি টকা আমেৰিকাৰপৰাইতো উলিয়াব লাগিব | ফেচবুকত বিহুৰ আৰু পূজাৰ সময়ত ৰাইজৰ ফটোবোৰ দেখি মন বেয়া কৰিতো লাভ নাই | পূজাবোৰ শেষ হয় মানে মাঘ বিহু আহে, তাৰ মাজত সৰস্ৱতী পুজা, ফাকুৱা চলে মানে এইফালে বহাগে ভুমুকিয়ালেই নহয় | এইবাৰ অন্তত বিহুতো শনিবাৰ-দেওবাৰে পৰিছে | বহুত হল আৰু, আজি সন্ধিয়াই ওলাই যাম | ইয়াত ভাৰতীয় বজাৰ (indian store)ত দক্ষিণ-ভাৰতৰ পৰা অহা চাউলৰ গুড়ি আৰু নাৰিকলৰ চুৰুকা পায়, সেয়াই লৈ আনি ঘিলা-পিঠা বনোৱাৰ এটা প্ৰচেষ্টা চলাম | দেওবাৰে চিৰা-গুড়-দৈৰে এসাজ মন পুৰাই খাম, computerতে বিহুগীত বজাই অকলে হলেও এপাক নাচিম আৰু ৰাতিলৈ skypeত ঘৰৰ সৈতে কথা হম| লগতে বুকুত ক্ষীণ ক্ষীণকৈ হলেও আশা বান্ধি ৰাখিম যে অতি সোনকালেই অসমীৰ বুকুত অসমীয়া বিহু পালন কৰাৰ সৌভাগ্য হব |
- অৰুন্ধতী (১২ এপ্ৰিল, ২০১৩)
বি.দ্ৰ.: যোৱাবছৰৰ বহাগ বিহুৰ সময়ৰ অনুভৱ facebook page "অসমীয়াত কথা বতৰা" এনেদৰে প্ৰকাশ কৰিছিলোঁ....

Sunday, March 2, 2014

সমীকৰণ

ভাবিব নুখুজিলেই কথাবোৰ বৰকৈ মনত পৰে
কৰিব নিবিচাৰিলেই প্ৰতীক্ষা বৰ দীঘলীয়া হৈ পৰে
প্ৰাপ্তি অসম্ভৱ বুলি জনাৰ পিছতেই আকাংখ্যা তীব্ৰতৰ হৈ পৰে....

অধিকাৰ নাথাকিলেও কৰপৰা জানোঁ ইমান আবেগে
বুকুত ভিৰ কৰেহি !
মূল্যহীন হলেও কিয় জানো ইমান অভিমানে
সিক্ত কৰি তোলে মন!

উত্তৰবিহীন প্ৰশ্নবোৰ ইমান জটিল!
আৱেগহীন সপোনবোৰ ইমান কঠিন!

হয়তো জীৱনটো এক সমাধানবিহীন সমীকৰণ!!!

~Aru

@arundhatee copyright protected.

Tarte: Baby It's Bold Outside The Stand Outs Limited-Edition Best-Sellers Kit

Of late, I have been into exploring the world of beauty and makeup!! Having a generous amount of spare time has been helping me in picking up new hobbies. Hobbies that were, quite friendly, very unappealing to me few years back!

Let me be extremely honest here, I have always been the geek girl. There was so much on the plate, I never had much chance to explore the “girly girl” in me. But now that I finally have a little bit of time and can spend a little bit of money on pampering myself, I am exploring the world of makeup. The high-speed internet here and few so called “You-tube Gurus” definitely helps ;)

Here is my first ever user-experience shared with you all out there. I do not prefer it to be called "review" as I am not at all an expert. It is just a few honest opinions from a simple girl who have used these products.  
Today I am going to talk aboutthe stand outs limited-edition best-sellers kit”, a holiday kit from Tarte. Tarte is a US based cosmetic company that is mostly known for using naturally-derived ingredients in their products. Apart from that, I just love their bright beautiful packaging; just a side-note.


Anyway, I ordered it directly from tartecosmetics.com at a $25 value, which cost me a final of $16.50 after the 40% sale going on that particular day. The kit includes
·         Full size LipSurgence lip luster in POUTY
·         Full Size Amazonian Clay waterproof liner in BRONZE
·         Full size double-ended liner brush
·         Deluxe lights, camera, lashes 4-in-1 mascara

You can already tell, it is an awesome value. Let us just consider the regular cost of the items, the lip luster sells for $24, the waterproof liner along with the brush runs for $24. The full-size mascara is $19, but the deluxe sample you get with this kit is also a very decent size.

Let me first vent out my disappointment at the beginning. I was in between move to a different state when I ordered this. I was supposed to move out of my old place after around 10 days of my placing this order. It took few days for them to ship, when they finally shipped it, the tracking page showed that the packet will reach me before I need to move out of there. But then there was some storm in the East coast and the entire delivery got postponed by few days. I contacted customer care to let them know about my problem and hoping that they will at least offer to pay for the extra payment charge that I needed to carry to deliver the items to my new place. When I wrote to them about asking them to cancel my order or pay for the extra shipping charge, I did not get any reply. But when I wrote to them writing that I fixed my problem, I got a reply just after few minutes stating that “They are glad that my problem got solved”. Being a prestige brand of cosmetics, I really hoped some more customer "care" from them. I have to say I was disappointed.

Now let’s bring in some positives. I have heard a lot of good things about the brand. After waiting for around a month, (remember I was in between moves, so my friend collected the package for me, and then he sent it to me), when I finally got these and played with them, they immediately won my heart. Great quality products!!

POUTY is a nice bright pink color with a little bit of shimmer. It is not the kind of color that I would wear. But when I wore it I felt that it really went very well with my medium/tan/olive skin tone. It also has a minty smell and feel to it which is quite refreshing to me. I really enjoy the very subtle tingling affect it has on my lips. I love that it is a retractable product, which saves me from the pain of sharpening. I also love the fact that I do not need to be careful while applying, no need of a lip liner as well. For me, it’s a great product for the days when I want to have a somewhat brighter lip, without being extra careful and time-consuming with the application.



The waterproof liner in Bronze is a nice addition to my eye products, it is a very deep brown bronzy color which seems to have a very satin finish. I am not able to achieve a very crisp liner with it yet, but I like to wear it all over my lid and just use a normal black liner. You can wear it alone on the lid or just use as a base (I have not done it though), it is also buildable. I love that I can control the depth of bronzy/brown color that I want with the layering of application. I store it upside down so as to prevent it from drying. But yeah, it seems to be a little bit dry in nature. The brush seems to work just fine, nothing extraordinary about it. I have not used the slim side yet. Hopefully it will enable me to achieve the crisp eyeliner look I am looking for.


I have heard great many things for the mascara. But because I have so many mascaras already and also because I really use a very minimal amount of make-up for my day to day activity, I really have not had a chance to use it.

Did I already tell you that I love Tarte packaging? I love how they pick unconventional patterns and colors for their packaging. This one comes in nice sea-green and golden cardboard packaging. Adorable J
By the way I got the neck-piece at $4 at Claire's; Isn't it a steal? J

So here are my quick takes
Pros:
  • Awesome value
  • 3 full size products
  • Love everything about the LipSurgence (color, texture, application etc)
Cons:
  • Somewhat disappointing experience with customer care with my very first purchase.
  • The eyeliner is a tad drying.
Had that shipping issue would not have occurred, I would have loved the kit a lot more. But anyway from my personal experience I have realized that holiday kits are an amazing way to try out products at a much more affordable price. While enjoying my POUT, I will definitely look forward to these little kits from Tarte in the foreseeable future J

~Arrru