Sunday, March 2, 2014

সমীকৰণ

ভাবিব নুখুজিলেই কথাবোৰ বৰকৈ মনত পৰে
কৰিব নিবিচাৰিলেই প্ৰতীক্ষা বৰ দীঘলীয়া হৈ পৰে
প্ৰাপ্তি অসম্ভৱ বুলি জনাৰ পিছতেই আকাংখ্যা তীব্ৰতৰ হৈ পৰে....

অধিকাৰ নাথাকিলেও কৰপৰা জানোঁ ইমান আবেগে
বুকুত ভিৰ কৰেহি !
মূল্যহীন হলেও কিয় জানো ইমান অভিমানে
সিক্ত কৰি তোলে মন!

উত্তৰবিহীন প্ৰশ্নবোৰ ইমান জটিল!
আৱেগহীন সপোনবোৰ ইমান কঠিন!

হয়তো জীৱনটো এক সমাধানবিহীন সমীকৰণ!!!

~Aru

@arundhatee copyright protected.

No comments: